Examinee ID

Examinee Name

Examination

Date

Duration

I-241211308073401

Demo Candidate

Life Insurance

09-04-2025

60 Minutes

Signature

sign

Language-

assamese

Photo

image

Time Left:   60:00

Paper:1

1. যিক্ষেত্ৰত পলিচিটোক লৈ পলিচিধাৰক সন্তুষ্ট নহয়, তেঁও “মুকলি বাছনিৰ সুবিধা কাল” (Free Look In Period/ Cooling Off Period) ৰ সময়ছোৱাত অর্থাৎ পলিচি ডকুমেন্টখন পোৱাৰ _____________________দিনৰ ভিতৰত ইয়াক ওভতাই দিব পাৰে৷

2. এখন মানগত বীমা পলিচিৰ মানগত সা-সুবিধাসমূহৰ অংশটোত তলৰ কোনখিনি তথ্য থাকে?

3. সন্তোষে এটা ম্যাদী বীমা পলিচিৰ বাবে আৱেদন কৰিছে ।তেঁওৰ প্রত্যাশিত মৃত্যুৰ হাৰ মানগত জীবনতকৈ উল্লেখনীয়ভাৱে কম আৰু সেয়েহে কম প্রিমিয়াম ধার্য্য কৰিব পৰা যায় ।বিপদাশংকাৰ শ্ৰেণীবিন্যাসত সন্তোষক অধীনত শ্ৰেণীবদ্ধ কৰা হ’ব

4. মৃত্যুদৰ তালিকাত থকা মানগত জীবনৰ প্রত্যাশিত মৃত্যুৰ সময়ৰ সৈতে যিসকলৰ প্রত্যাশিত মৃত্যুৰ হাৰ খাপ খাই যায়, বিপদাশংকাৰ শ্ৰেণীবিন্যাসত তেনে মানুহবোৰক__________________________ ৰ অধীনত শ্ৰেণীবদ্ধ কৰা হয়৷

5. _____________________হৈছে বীমা কোম্পানীসমূহে ব্যৱহাৰ কৰা এখন প্রথাগত আইনানুগ দলিল, যিখনে পণ্য সম্পর্কে খুঁটি নাটি তথ্য দাঙি ধৰে৷

6. উমৈহতীয়া পুঞ্জীকৰণৰ মাধ্যমেৰে বিপদাশংকা হস্তান্তৰকৰণ কৰাক ___________ বুলি কোৱা হয় ।

7. বীমা পলিচি এটাৰ হস্তান্তৰকৰণৰ সম্পর্কে তলত দিয়া কোনটো বিবৃতি সঠিক নহয়?

8. তলৰ কোনটো বিকল্পই বীমা প্রক্রিয়াটোক সর্বোত্তম ভাবে ব্যাখ্যা কৰে?

9. আই আৰ ডি এ (পলিচিধাৰকৰ স্বার্থ সুৰক্ষা) বিনিয়ম, 2002 অনুযায়ী জীবন বীমা পলিচি এটাৰ দাবী প্রাসঙ্গিক সকলো নথিপত্র আৰু আৱশ্যকীয় স্পষ্টীকৰণ পোৱাৰ ____________________ৰ ভিতৰত পৰিশোধ কৰা হ’ব নাইবা যথাযথ কাৰণ ব্যাখ্যা কৰি দাবীটো প্ৰতিৰোধ কৰা হ’ব৷

10. নামাংকন সম্পর্কে দিয়া তলৰ কোনটো বিবৃতি সঠিক নহয়?

11. অমৃতা গৰ্ভৱতী ৷ তেঁও এটা ম্যাদী বীমা সুৰক্ষাৰ বাবে আৱেদন কৰিছে । অমৃতাক বীমা সুৰক্ষা দিয়াৰ কাৰণে তলৰ কোনটো৷ বিকল্প বীমাঙ্কনকাৰীৰ বাবে সর্বাধিক উপযুক্ত বিকল্প হ’ব? অধিকতম সম্ভাৱ্য বিকল্পটো বাছি লওক৷

12. তলৰ কোনটো বিবৃতি শুদ্ধ?

13. তলত দিয়া বয়সৰ প্ৰমাণ পত্ৰবোৰৰ পৰা বীমা কোম্পানীবোৰে অ-মানগত ৰূপে শ্রেণীবদ্ধ কৰাটোক বাছি লওক

14. “গৰ্ভৱতী মহিলা এগৰাকীৰ জীবনৰ ওপৰত চুক্তিটো কৰাৰ সময়ত গৰ্ভাৱস্থাজনিত মৃত্যুক সুৰক্ষাবেষ্টনীৰ পৰা আগতীয়াকৈ বাদ দিয়াৰ অর্থে এটা বিশেষ ধাৰা বা ক্ল’জ আৰোপ কৰিব পাৰি” – এইটো এটা মানগত পলিচি ডকুমেণ্টৰ কোনটো অংশত অন্তর্ভূক্ত হয়?

15. বীমাকোম্পানীৰ পৰা ঋণ লোৱা পলিচি এটাৰ বাবে তলৰ কোনটো বিবৃতি প্রযোজ্য নহয়?

16. তলৰ কোনটো ঠিকনাৰ বৈধ প্রমাণ পত্র নহয়?

17. তলৰ কোনটো উক্তি অশুদ্ধ চিনাক্ত কৰক?

18. _______________ক আধুনিক বীমা ব্যৱসায়ৰ উদ্ভৱৰ মূল ৰূপে গণ্য কৰা যায় ।

19. অজযে তেঁওৰ কৰ্মচাৰীসকলৰ বাবে বীমা প্রিমিয়াম দিযে নিম্নলিখিত কোনটো প্রিমিয়াম কৰ্মচাৰীক পৰিশোধ কৰা পাৰিশ্রমিক হিচাবে বিযোগযোগ্য বুলি গণ্য কৰা নহ’ব? বিকল্প : স্বাস্থ্য বীমা, যাৰ লাভ কৰ্মচাৰীসকলে পাব বিকল্প II: মুখ্য ব্যক্তি জীবন বীমা, যাৰ লাভ অজযে পাব

20. মহেশে গুৰুতৰ অসুস্থতাৰ ওপৰঞ্চি সুবিধাৰ সৈতে জীবন বীমা পলিচি এটা লৈছে৷ তেঁও কৰণৰ সপক্ষে পলিচিটোৰ সম্পূর্ণ হস্তান্তৰকৰণ কৰিছে৷ মহেশ হৃদযন্ত্রৰ জটিলতাত আক্রান্ত হ’ল আৰু গুৰুতৰ অসুস্থতাৰ ওপৰঞ্চি সুবিধাৰ অধীনত 50,000 টকাৰ দাবী এটা উত্থাপিত হ’ল৷ এই ক্ষেত্ৰত পৰিশোধটো কাক কৰা হ’ব?

21. বন্দৱস্তি বীমা আঁচনি সম্পর্কে কৰা তলৰ কোনটো মন্তব্য সঠিক?

22. বীমাকাৰকলৈ বিপদাশংকা হস্তান্তৰ কৰাৰ ফলত _________________সম্ভৱ ।

23. তলৰ কোনটো “আপোনাৰ গ্রাহকক জানক” (KYC) সংক্রান্ত এটা দলিল নহয়?

24. প্ৰতিটো 20,000 টকা মূল্যৰ 400টা ঘৰৰ ভিতৰত গড় হিচাবে প্রতি বছৰে 4টাকৈ ঘৰ জুইত ভস্মীভূত হয়, যাৰ ফলত সামূহিক ক্ষতিৰ পৰিমাণ হয় 40,000 টকা। এই ক্ষতিৰ পৰিমাণটো পূৰণ কৰাৰ বাবে প্ৰতিজন ঘৰৰ মালিকে বছৰেকীয়া কিমান টকাকৈ বৰঙনি দিয়া আৱশ্যক?

25. তলৰ কোনটো বিকল্প বয়সৰ মানগত প্রমাণ পত্ৰৰ এটা উদাহৰণ?

26. শঙ্কৰে এটা দহ বছৰীয়া ইউনিট লিংকড আঁচনি ক্রয় কৰিছে৷ যদি পলিচিটোৰ ম্যাদপূর্তিৰ আগতেই তেঁওৰ মৃত্যু হয়, তেনেহলে তলৰ কোনটো পৰিশোধ কৰা হব?

27. তলৰ কোনটো বৈশিষ্ট্য ডাক্তৰি ৰিপ’ৰ্টত পৰীক্ষা কৰা হ’ব?

28. এটা মটৰ দুৰ্ঘটনাত প্রবীনৰ মৃত্যু হৈছে ।তেঁওৰ হিতাধিকাৰীজনে মৃত্যুদাবীৰ বাবে দলিল পত্র দাখিল কৰিছে৷ তলৰ কোনটো নথি স্বাভাৱিক মৃত্যুৰ তুলনাত দুর্ঘটনা জনিত মৃত্যুৰ বাবে লগা অতিৰিক্ত নথি?

29. বীমাৰ পৰিপ্ৰেক্ষিতত “বিপদাশংকা সংৰক্ষণ” বুলিলে এনে এটা পৰিস্থিতি বুজায় যত________________ ৷

30. ৰাজীৱ মেহটোৰ দ্বাৰা উথথাপন কৰা স্বাস্থ্য বীমাৰ দাবী এটাৰ অনুসন্ধানৰ সময়ত বীমা কোম্পানীয়ে বিচাৰি পালে যে ৰাজীৱ মেহটোৰ পৰিৱর্তে তেওঁৰ ভাতৃ ৰাজেশ মেহটোক চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰা হৈছে, ৰাজীৱ মেহটোৰ পলিচীটো এটা পৰিয়াল ফ্লটাৰ পৰিকল্পনা নাছিল. এইটো হল ___________________ প্ৰৱঞ্চনাৰ এটা উদাহৰণ.

31. বিপদাশংকা গ্ৰহণৰ আগতে বীমাকাৰক সকলে সম্পত্তিটোৰ সৰ্বেক্ষণ আৰু পৰিদৰ্শনৰ ব্যৱস্থা কিয় কৰে?

32. স্বাস্থ্য বীমাত আগবঢ়োৱা নগদবিহীন সেৱাটো সাপেক্ষে তলৰ কোনটো উক্তি শুদ্ধ?

33. এম ডব্লিউ পি এক্টৰ ক্ষেত্ৰত নিম্নলিখিত কোনটো বিকল্প শুদ্ধ? বিবৃতি I: ম্যাদপূর্তি দাবীৰ চেকবোৰ পলিচিধাৰকক দিয়া হয় ৷ বিবৃতি II: ম্যাদপূর্তি দাবীৰ চেকবোৰ ন্যাসপালক দিয়া হয় ৷

34. আণ্ডাৰৰাইটাৰৰ বাবে আবেদনকাৰী এজনৰ বিষয়ে তথ্য লাভৰ প্ৰথম আৰু প্রাথমিক উৎসটো হল তেওঁৰ__________________

35. বীমা পলিচি এখনৰ সম্পৰ্কত “প্রিমিয়াম” শব্দটোৱে কি বুজায়?

36. ধন-পৰিষ্কৰণ বা মানি লণ্ডাৰিং হ’ল ___________________ উৎস গোপন কৰি এটা অর্থ ব্যৱস্থালৈ ___________________ অর্থ আনয়ন কৰাৰ প্রক্রিয়া যাতে এই অর্থ আইনানুসাৰে অর্জিত বুলি প্রতীয়মান হয়৷

37. যদি পলিচিধাৰকে প্রিমিয়াম দিবলগীয়া ধার্য তাৰিখটোত প্রিমিয়াম পৰিশোধ নকৰে আৰু তাৰ পিছত অনুগ্রহ-কালৰ সময়ছোৱাত তেঁওৰ মৃত্যু হয়, তেন্তে কি হব?

38. “মুকলি বাছনিৰ সুবিধা কাল” (Cooling Off / Free Look in Period) ৰ সময়ছোৱাত পলিচি এটা ওভতাই দিয়া সম্পর্কে দিয়া তলৰ কোনটো বিবৃতি সঠিক?

39. ____________________ৰ ক্ষেত্ৰত, কোম্পানীয়ে মূল সুবিধা আৰু ইতিমধ্যে সংলগ্ন হোৱা বোনাচৰ সমষ্টিৰ এক শতাংশ হিচাবে বোনাচ ঘোষণা কৰে৷

40. বীমা-প্ৰস্তাৱ কৰাৰ কাৰণে ব্যৱহৃত আৱেদন-নথিখনক সাধাৰণতে ____________________ বুলি কোৱা হয়৷

41. শীনাই জটিল ডায়েবেটিছত ভুগি আছে ।তেঁও এটা বীমা আঁচনিৰ বাবে আৱেদন কৰিছে৷ এই ক্ষেত্ৰত বীমাঙ্কনকাৰীজনে খুব সম্ভৱত বীমাঙ্কনৰ বাবে ________________________পদ্ধতিটো প্রয়োগ কৰিব৷

42. সেই পলিচিটোৰ নামোল্লেখ কৰক যিটোৱে। বিশুদ্ধ জীবন বীমাৰ লগত এটা সঞ্চয় উপাদানক সংযজিত কৰে। যদি বীমাধাৰী ব্যক্তিজন এটা নির্দিষ্ট সময়লৈকে জীৱিত থাকে, তেন্তে তেওঁ পলিচিৰ অভিহিত মূল্যটো লাভ কৰে

43. প্রিমিয়াম নিৰ্ধাৰণ কৰোঁতে সুতৰ হাৰ হৈছে এক গুৰুত্বপূর্ণ উপাদান।সুতৰ হাৰ সম্পর্কে নিম্নলিখিত কোনটো বিবৃতি শুদ্ধ?

44. বিপদাশংকা ঘটাৰ সম্ভাৱনা কমোৱাৰ ব্যৱস্থাক বুলি কোৱা হয় ।

45. মহেশে ধাৰ লোৱা মূলধনেৰে ব্যৱসায় এটা চলাইছিল তেঁওৰ হঠাতে মৃত্যু হোৱাত, তেঁওৰ সকলো পাওনাদাৰে তেঁওৰ সম্পত্তিৰ অধিকাৰ পাবৰ বাবে যৎপৰোনাস্তি চেষ্টা চলাই আছে ৷ নিম্নলিখিত কোনটো সম্পত্তি পাওনাদাৰসকলৰ নিয়ন্ত্ৰণৰ বাহিৰত আছে?

46. জীবন বীমাকৃতৰ স্বাভাৱিক মৃত্যুৰ পিছত তেঁওৰ সকলো হিতাধিকাৰীয়ে জমা কৰিব লগীয়া নথিপত্ৰবোৰৰ তালিকাখন তলত দিয়া হ’ল৷ ইয়াৰ পৰা বাকীবোৰৰ লগত নিমিলাটো বিচাৰি লওক, যিটো দুর্ঘটনাৰ ফলত মৃত্যুৰ ক্ষেত্ৰতহে অতিৰিক্তভাৱে দাখিল কৰিব লগা হয়?

47. বিবাহিতা মহিলাসকলৰ সম্পত্তি আইনৰ অধীনত পলিচি এখন লোৱা হৈছে৷ যদি পলিচিধাৰকে পলিচিৰ অধীনত আশ্বাসিত বীমা ৰাশি পৰিশোধ কৰাৰ সময়ত কোনো বিশেষ ন্যাসপালক এই অর্থ গ্রহণ কৰি তাক নিজৰ তদাৰকিত ৰাখিবৰ বাবে বৈধ ভাবে নিয়োগ নকৰে, তেন্তে সেই ধনৰাশিপৰিশোধ কৰা হ’ব৷

48. তলৰ কোনটো বীমা প্রস্তাৱ ডাক্তৰি পৰীক্ষা বিহীন বীমাঙ্কনৰ অধীনত বিবেচিত হোৱাৰ অৰ্হতা লাভ নকৰে?

49. বীমা কোম্পানীবোৰোৰ দ্বাৰা সম্পদৰ মূল্যাঙ্কণৰ ক্ষেত্ৰত,_________________হৈছে সেই মূল্য, যিটোৰে জীবন বীমা কোম্পানীবোৰোৰ দ্বাৰা সম্পদৰ মূল্যাঙ্কণৰ ক্ষেত্ৰত, বীমাকাৰকে তেঁওৰ সম্পদবোৰ কিনিছে বা অর্জন কৰিছে৷

50. কোনটো বিকল্পই পলিচি ডকুমেন্ট এখনক সর্বোত্তম উপায়ে বর্ণনা কৰে?

REVIEW ATTEMPTS